Republic Day 2022 : লখিমপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্রী যোগেন মহনৰ - গণৰাজ্য দিৱসত মন্ত্ৰী যোগেন মহনৰ ভাষণ প্ৰদান
🎬 Watch Now: Feature Video
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো আজি উদযাপন কৰা হয় 73 সংখ্যক গণৰাজ্য দিৱস(Republic Day celebrated in Lakhimpur) ৷ পূৰ্বৰ তুলনাত এইবাৰ অতি সেমেকা পৰিবেশত গণৰাজ্য দিৱসৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় ৷ গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন ৷ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা গণৰাজ্য দিৱসত মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰে(Jogen Mohan hoists Republic Day flag in Lakhimpur) ৷ সম্পূৰ্ণ ক'ভিড বিধি মনাৰ (73rd Republic day celebration amidst Covid Pandamic)লগতে প্ৰতিকূল বতৰকো নেওঁচি আৰক্ষী, গৃহৰক্ষী বিভাগৰ উপস্থিতিত অতি সুকলমে অনুষ্ঠিত কৰা হয় 73 সংখ্যক গণৰাজ্য দিৱস ৷ লগতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কে আলোকপাত কৰে মন্ত্ৰী যোগেন মহনে ৷