সাংসদ দিলীপ শইকীয়াৰ মন্তব্যক সাম্প্ৰদায়িক আখ্যা বিধায়ক ৰফিকুল ইছলামৰ

By

Published : Jul 1, 2021, 10:54 PM IST

thumbnail
অপৰাধ কৰ্ম কাণ্ডৰ ৯৫ - ৯৮ শতাংশই মুছলমান সম্প্ৰদায়ৰ লোক জড়িত বুলি মঙলদৈ লোক সভাৰ সাংসদ দিলীপ শইকীয়া(Mangaldai MP Dilip Saikia)ই কৰা মন্তব্যৰ বিৰুদ্ধে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে । বিধায়ক ৰফিকুল ইছলামে সাংসদ দিলীপ শইকীয়াৰ এই মন্তব্যক ধিক্কাৰ জনাই কয় যে, সংখ্যালঘু সম্প্ৰদায়ৰ লোক মূলতে মুছলমান সকলক এইদৰে জন সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ সাংসদ গৰাকীয়ে এই জঘন্য মন্তব্য কৰিছে । বিজেপি(BJP) দলৰ আৰু কিছু নেতা কৰ্মীয়ে ইচ্ছা কৰিয়েই এনে জঘন্য মন্তব্য কৰা দেখা যায় যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰিছে যে অপৰাধ জনিত কামত সকলো ধৰ্মৰে লোক জড়িত আছে । অপৰাধৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই । বিধায়ক ৰফিকুল ইছলামে নেচনেল ক্ৰাইম ৰিপোৰ্ট ব্যুৰ’(National crime report bureau)ৰ ২০১৯ ৰ প্ৰতিবেদন উল্লেখ কৰি কয় যে, এই তথ্য মতে মুছলমান সকলতকৈ অনা মুছলমানৰ অপৰাধৰ সংখ্যাৰ পৰিমান অধিক । এই ক্ষেত্ৰত সাংসদ শইকীয়াই উদ্দেশ্য প্ৰণোদিতভাৱে মুছলমান সকলক দোষ দিব বিচাৰিছে । বিধায়ক ৰফিকুল ইছলামে বিজেপি সাংসদ দিলীপ শইকীয়াক ধিক্কাৰ আৰু প্ৰত্যাহ্বান জনায় নেচনেল ক্ৰাইম ৰিপোৰ্ট ব্যুৰ’ৰ প্ৰতিবেদন পঢ়ি চাবলৈ আহবান জনাই অনাগত দিনত এনে এক পক্ষীয় জঘন্য মন্তব্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.