গৰুখুটি কাণ্ডৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ - ড৹ হাফিজ ৰফিকুল ইছলাম
🎬 Watch Now: Feature Video
গৰুখুটিৰ কৃষি প্ৰকল্পৰ উচ্ছেদস্থলীত আৰক্ষীৰ গুলীচালনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে । প্ৰশাসনৰ গুলিচালনাৰ ঘটনাক অমানৱীয়, অসাংবিধানিক আৰু বৰ্বৰ আখ্যা দিয়ে বিধায়ক গৰাকীয়ে । এয়া এক হত্যাকাণ্ড বুলি অবিহিত কৰি তীব্ৰ গৰিহণা দিয়ে বিধায়ক গৰাকীয়ে ৷ বিধায়ক গৰাকীয়ে লগতে কয় যে, মিজোৰামৰ ওচৰত চৰকাৰে নিৰ্লজ্জভাৱে আত্মসমৰ্পন কৰিছিল তেতিয়া অসম পুলিচৰ গুলী ফুটা নাছিল । কিন্তু এতিয়া নিজৰ দেশত অসমীয়া ভূমিহীনৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলাই হত্যা কৰিলে । এই হত্যাকাণ্ডক গৰিহণা দিছো । আনহাতে যি সকল পুলিচ আৰু ছিভিল ড্ৰেছ পৰিহিত ব্যক্তিয়ে নিৰীহ লোকৰ ওপৰত আক্ৰমণ চলাইছিল তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় বিধায়ক গৰাকীয়ে ।