ছয়গাঁৱত আই পি এলৰ জুৱাৰী আটক - IPL gambler arrested
🎬 Watch Now: Feature Video
কামৰূপ(গ্ৰাম্য) জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীৰ বিহাপাৰত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এটা আই পি এল জুৱাৰীক আটক কৰে ৷ আৰক্ষীৰ দলটোৱে জুৱাৰীটোক আটক কৰাৰ লগতে উক্ত স্থানৰ পৰা ২ টা মবাইল ফোনসহ আই পি এল জুৱাৰ লগত জড়িত বহু নথিপত্ৰ জব্দ কৰে । আটকাধীন জুৱাৰীটো গৰৈমাৰীৰ শিঙিমাৰীৰ হাবিৰ জাহিৰুদ্দিন বুলি জানিব পৰা হৈছে ৷ ছয়গাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত চলাই এই অভিযান ।