বৰহোলা আৰক্ষীৰ অভিযানত আইপিএল জুৱাৰী আটক - ipl gambler arrested at rajabari
🎬 Watch Now: Feature Video

আৰক্ষী প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতো তিতাবৰ মহকুমাত আইপিএলক কেন্দ্ৰ কৰি বৃহৎ জুৱা অব্যাহত আছে ৷ মহকুমাটোৰ গ্ৰামাঞ্চলত কিশোৰৰ পৰা বৃদ্ধলৈকে বহু লোক আসক্ত হৈছে এই আই পিএলৰ জুৱাত ৷ বুধবাৰে সন্ধিয়া বৰহোলা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই দুটাকৈ আইপিএল জুৱাৰীক আটক কৰে ৷ বৰহোলাৰ ৰজাবাৰী চাৰিআলিৰ এখন দোকানৰ পৰা আৰক্ষীয়ে আইপিএলৰ জুৱাত জড়িত থকাৰ অভিযোগত লোক দুজনক আটক কৰে ৷ ধৃত লোক দুজন ক্ৰমে ক্ষিৰোদ সোণোৱাল আৰু মন্টু গড় বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত জুৱাৰী দুটাৰ পৰা আৰক্ষীয়ে আইপিএল জুৱাত ব্যৱহৃত এটা ম'বাইল ফোন আৰু বুজন পৰিমাণৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷