ইউ পি পি এলৰ সাংগঠনিক সম্পাদক মাতিলদা মুৰ্মুৰ বিস্ফোৰক স্বীকাৰোক্তি - বিপিএফ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 9, 2020, 5:42 AM IST

বিটিআৰ চুক্তিৰ পিছতেই শেহতীয়াকৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত পৰিৱৰ্তনৰ বতাহে জোঁকাৰি গৈছে । তাৰ সমান্তৰালকৈ তাৰিখ নিশ্চিত হোৱা নাই যদিও বিটিচিত চলিছে নিৰ্বাচনী কুচকাৱাজ ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ মাৰীয়ামপুৰ গাঁৱৰ চাওঁতাল জনগোষ্ঠীয় এগৰাকী কণিষ্ঠ অধিবক্তা মাতিলদা মুৰ্মুৱে ইউ পি পি এল দলত যোগদান কৰিলে । ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাত কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে অধিবক্তা গৰাকীয়ে । মাতিলদা মুৰ্মুৱে কয় যে, বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে এইবাৰ চৰকাৰ গঠন কৰিব আৰু প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এল দল শাসনলৈ আহিলে এইবাৰ ৰাইজক এখন নিকা চৰকাৰ প্ৰদান কৰিব ৷ আনহাতে, চাওঁতাল জনগোষ্ঠীটোৰ জন-জনজাতীয় সমস্যাৰ ক্ষেত্ৰত ১৭ টা বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন চৰকাৰখনে কেৱল মাত্ৰ আভুৱা হে ভৰি থাকিল বুলি উল্লেখ কৰে মুৰ্মুৱে ৷ হাগ্ৰামা মহিলাৰীয়ে জনগোষ্ঠীটোৰ মাজত জন-জাতীয় সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ কথা কয় যদিও দিল্লীত গৈ বিপিএফ দলৰ মন্ত্ৰী সকলে বাধা প্ৰদান কৰে বুলি বিস্ফোৰক মন্তব্য কৰে অধিবক্তাগৰাকীয়ে । ইউ পি পি এল দলে চৰকাৰ গঠন কৰিলে প্ৰমোদ বড়োৱে চাওঁতাল জনগোষ্ঠীটোৰ জন-জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে তেওঁ । বৰ্তমান মাতিলদা মুৰ্মুৱে গৰাকীয়ে ইউ পি পি এল দলত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.