আমিনগাঁৱতো পালন স্বাধীনতা দিৱস - কৈলাশ কাৰ্তিক এন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12785197-thumbnail-3x2-a.jpg)
কামৰূপ(গ্ৰাম্য) ৰো ভিন্ন প্ৰান্তত উদযাপন কৰা হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ প্ৰতিবাৰৰ দৰে এইবেলিও আমিনগাঁৱৰ কুমাৰ ভাষ্কৰ বৰ্মন ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকা ৷ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৷ উপায়ুক্তগৰাকীয়ে দেশৰ স্বাধীনতা সেনানীসকলক স্মৰণ কৰে ৷ উপায়ুক্ত গৰাকীয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা ভাষণত চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীসমুহৰ ওপৰত আলোকপাত কৰে ৷