বিলাসীপাৰাৰ লক্ষীগঞ্জত অবৈধ বালি ভৰ্তি ১০ খন ডাম্পাৰ জব্দ

By

Published : Sep 19, 2021, 6:33 PM IST

thumbnail
ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধভাৱে শিল-বালিৰ সৰবৰাহ অব্যাহত আছে । শেহতীয়াকৈ ধুবুৰী জিলাত একাংশ অসাধু চক্ৰই বালিৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে বিলাসীপাৰাৰ লক্ষীগঞ্জত অবৈধভাৱে বালি কঢ়িওৱা ১০ খনকৈ ডাম্পাৰ জব্দ । লক্ষীগঞ্জ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ডাম্পাৰ কেইখন । ডাম্পাৰ কেইখন কোকৰাঝাৰ জিলাৰ ৰুনীখাতা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনস্থ চম্পা নৈৰ পৰা ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণস্থলীলৈ গৈ আছিল বুলি জানিব পৰা গৈছে । জব্দ কৰা ডাম্পাৰ কেইখনৰ নম্বৰ হৈছে ক্ৰমে WB-৬৯-৯০৪৫, WB-৭৩-E-৭৮৩৯, WB-৭৮-৪৪৫৭, WB-৭৩-E-২৬৩২, WB-৬৯-A-৩০১৯, AS-২৬-C-৮৫২৭, AS-২৬-C-৫৪৭২, AS-২৬-C-৭৭০১, AS-২৬-C-৭৭০৯ । জব্দ কৰা এখন নম্বৰ প্লেট বিহীন ডাম্পাৰো আছে । সম্প্ৰতি জব্দ কৰা বাহন কেইখন বন বিভাগ আৰু পৰিবহন বিভাগক গতাই দিয়া হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.