thumbnail

টিংখাঙত জব্দ অবৈধভাৱে বিক্ৰী কৰিবলৈ অনা গাহৰি পোৱালি

By

Published : Aug 20, 2021, 10:30 AM IST

যি সময়ত আফ্ৰিকান চোৱাইন ফ্লু' ৰোগে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে, ঠিক তেনে সময়তে টিংখাঙত সদৌ অসম গাহৰি পালক সন্থাই জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধভাৱে বিক্ৰী কৰিবলৈ অনা গাহৰি । জানিব পৰা মতে, তেজপুৰৰ পিঠাগুড়ি অঞ্চলৰ পৰা পলাস দাস নামৰ এজন ব্যক্তিয়ে কোনো ধৰণৰ নথি-পত্ৰৰ অবিহনে বিক্ৰীৰ বাবে আনিছিল এই গাহৰি পোৱালিসমূহ । উল্লেখ্য যে, তেজপুৰৰ উক্ত অঞ্চলত আজিও আফ্ৰিকান চোৱাইন ফ্লু’ৰ সংক্ৰমণ অব্যাহত আছে । আনহাতে, লক্ষীমপুৰ ধেমাজি আদি অঞ্চলত গাহৰি সৰবৰাহত চৰকাৰী নিষেধাজ্ঞা থকাৰ পাচতো উক্ত পথেৰে গাহৰি পোৱালি সৰবৰাহ কৰি টিংখাঙত বিক্ৰী কৰিবলৈ উপস্থিত হৈছিলহি পলাস দাস ৷ এই অভিযোগ কৰিছে সদৌ গাহৰি পালক সন্থাই ৷ এই ঘটনাক কেন্দ্ৰ কৰি আঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ ইতিমধ্যে সদৌ গাহৰি পালক সন্থাৰ ডিব্ৰুগড় জিলা আৰু টিংখাং আঞ্চলিক সমিতিয়ে টিংখাঙৰ মাহমৰা অঞ্চলত কোনোধৰণৰ নথি পত্ৰ নোহোৱাকৈ বিক্ৰী কৰিবলৈ অনা প্ৰায় ৪৫ টা গাহৰি পোৱালি জব্দ কৰিছে ৷ লগতে ঘটনা সন্দৰ্ভত প্ৰশাসনৰ কাষ চাপিছে সংগঠনটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.