thumbnail

By

Published : Jul 12, 2021, 8:46 PM IST

Updated : Jul 12, 2021, 9:04 PM IST

ETV Bharat / Videos

উচ্ছেদ হ’ল চুলাই ঘাটি : চেলেঙহাট বাগানত নষ্ট বৃহৎ পৰিমাণৰ চুলাই

অবৈধ চুলাই ঘাটি তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে যোৰহাটত অব্যাহত আছে তীব্ৰ অভিযান ৷ এক বিশেষ সূত্ৰৰ পম খেদি সোমবাৰে বিয়লি টীয়কৰ চেলেংহাট বাগান অঞ্চলত অভিযান চলাই যোৰহাট জিলা প্ৰশাসনে উচ্ছেদ কৰে কেইবাটাও অবৈধ চুলাই ঘাটি ৷ চুলাইৰ ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰশাসনে চুলাই তৈয়াৰ কৰাত ব্যৱহৃত বহু সা-সামগ্ৰীও নষ্ট কৰে । যি সময়ত বিশেষকৈ গ্ৰাম্যাঞ্চলত ক'ভিডৰ প্ৰয়োভৰ বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে চুলাই ঘাটিসমূহে বিশেষ চৰ্চা লাভ কৰিছে, তেনে সময়তে জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ক'ভিড হটস্পটলৈ পৰিণত হোৱা বিভিন্ন অঞ্চলত চুলাই ঘাটিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় ৷ অবৈধ চুলাইৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক ৰাইজে আদৰণী জনাইছে । সোমবাৰে প্ৰশাসনে চলোৱা এই অভিযানত যোৰহাট জিলা প্ৰশাসনক টীয়ক আবকাৰী বিভাগেও পূৰ্ণ সহযোগিতা আগবঢ়ায় । এই অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে আৰু তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত ৰাখিব বুলি আৰক্ষীয়ে কঠোৰ সকীয়নি প্ৰদান কৰে ৷
Last Updated : Jul 12, 2021, 9:04 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.