ডুমডুমাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

By

Published : Sep 26, 2021, 5:33 PM IST

thumbnail

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামডাং চাহ বাগিছাত নিশা এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় । বাগিছাখনৰ মেচাইজান ২০ নং চেকচনত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় । উল্লেখ্য যে বিগত এটা মাহে বাগিছাখনত কেইবাটাও নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি বাগিছাখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । বৰ্তমানেও বাগিছাখনত নাহৰফুটুকীক লৈ আতংক অব্যাহত আছে । সেয়ে বাগিছা খনত পুনৰ পিঞ্জৰা স্থাপন কৰিবলৈ স্থানীয় লোকে বন বিভাগক আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.