সংকটৰ গৰাহত ঐতিহাসিক হেলনা ৰাস মন্দিৰ
🎬 Watch Now: Feature Video
বজালী জিলাৰ অন্তৰ্গত হেলনা কালদিয়া নৈয়ে লৈছে ভয়াৱহ ৰূপ । ৰাজ্যত গঢ়াখহনীয়াই প্ৰবল ৰূপ ধাৰণ কৰিছে । সমান্তৰালভাৱে হেলনা গাঁৱৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে ৷ কালদিয়া নৈৰ বাবে যিকোনো মূহুৰ্তত জাহ যাব পাৰে প্ৰায় 14-15 খন গাঁৱৰ লগতে হেজাৰ হেজাৰ বিঘা খেতি মাটি । মথাউৰি আৰু গৰাখহনীয়া নিৰ্মাণৰ নামত পঞ্চায়তৰ আঁচনি ব্যৱহাৰ কৰাত কোনো সুফল লাভ নকৰিলে গাঁও বাসীয়ে । গাঁও বাসীয়ে চৰকাৰ তথা বিভাগীয় মন্ত্ৰী লৈ আহ্বান জনাই কয় যে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মথাউৰি নিৰ্মাণ কৰিব লাগে । আনহাতে এই মথাউৰিটোৰ গাতে লাগি আছে ঐতিহ্য মণ্ডিত হেলনা 101 বছৰীয়া ৰাস মন্দিৰৰ লগতে চিকিৎসা কেন্দ্ৰ । এতিয়া প্ৰশ্ন হয় জল সম্পদৰ আঁচনি সমূহ কিমান সফল হৈছে ? ইয়াৰ পিছতো কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়াহে লক্ষণীয় হব ।