ETV Bharat / state

আলফাই বিচাৰিলে 300 কোটিৰ ছটা প্ৰকল্প: হয়ভৰ দিলে কেন্দ্ৰীয় গৃহ সচিবে - ULFA PEACE ACCORD

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুস্থিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত ভাগ ল'লে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে ।

joint action committee meeting held in presence of central home secretary in guwahati
আলফাই বিচাৰিলে 300 কোটিৰ ছটা প্ৰকল্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 10:55 PM IST

গুৱাহাটী: ইতিমধ্যে মূলসুঁতিলৈ ঘূৰি অহা ৰাজ্যৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰে হোৱা শান্তি চুক্তি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে মঙলবাৰে গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুস্থিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল যদিও চুক্তিৰ কামকাজ আগনবঢ়াৰ বাবে শান্তি চুক্তিক গতি প্ৰদান কৰাৰ লক্ষ্যৰে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন ।

গৃহ সচিবগৰাকী গুৱাহাটীত উপস্থিত হৈয়েই চাৰিখনকৈ শান্তি চুক্তি সন্দৰ্ভত গুৱাহাটীৰ কইনাধৰাত এই গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় সংশ্লিষ্ট চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহৰ নেতৃবৰ্গৰ সৈতে । কেন্দ্ৰীয় গৃহ সচিবগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে । চাৰিখনকৈ চুক্তি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হয় ।

আলফাই বিচাৰিলে 300 কোটিৰ ছটা প্ৰকল্প (ETV Bharat Assam)

আদিবাসী চুক্তি, কাৰ্বি চুক্তি, ডি এন এল এ চুক্তি আৰু আলফা চুক্তি সন্দৰ্ভত চুক্তি স্বাক্ষৰকাৰীসকলৰ লগত পৃথকে পৃথকে পৰ্যালোচনা বৈঠকত মিলিত হয় গৃহ সচিব গোবিন্দ মোহন । বৈঠকত কেন্দ্ৰীয় গৃহ সচিবগৰাকীৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব ড৹ ৰবি কোটা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ সচিবকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে ।

বৈঠকৰ অন্তত আলফা নেতা অনুপ চেতিয়াই কয়-"চুক্তিৰ বিষয়সমূহ কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনা হৈছে এই বৈঠকত । ভূমিৰ ক্ষেত্ৰত কাম কৰিছে চৰকাৰে । যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো । আজি আমাৰ আলোচনা ফলপ্ৰসূ । ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে আমাৰ চুক্তি কাৰ্যকৰী হব বুলি আশাবাদী । শ্বহীদ পৰিয়াল, নিৰুদ্দেশ সদস্যৰ সন্তানৰ নিযুক্তি সন্দৰ্ভত আলোচনা হৈছে । আমাৰ ফালৰ পৰা ৬ টা প্ৰকল্পৰ বাবে প্ৰায় ৩০০ কোটিৰ টকাৰ প্ৰস্তাৱ দিয়া হৈছে ।" আনহাতে এতিয়াও আলফা (স্বা)লৈ বিভিন্ন স্থানৰ পৰা যুৱক গৈ থকা সন্দৰ্ভত চেতিয়াই কয়- "সংগঠন এটা থকালৈকে তালৈ সদস্য গৈয়ে থাকিব । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ প্ৰসংগটো আগবঢ়াই নিব লাগিব । এই সন্দৰ্ভত আমি আলোচনা কৰা নাই ।"

আনহাতে বৈঠকৰ অন্তত অল আদিবাসী নেশ্যনেল লিবাৰেশ্বন আৰ্মিৰ নেতা দ্বীপেন নায়কে ক'লে- "আজি আমাৰ জইণ্ট মণিটৰিং কমিটীৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠক ৬ মাহৰ মূৰে মূৰে অনুষ্ঠিত হৈ থাকে । এই বৈঠকত চুক্তিত সন্নিৱিষ্ট সকলোবোৰ দিশ পুংখানুপুংখ বিশ্লেষণ হৈছে । আমাৰ আলোচনাত কেন্দ্ৰীয় গৃহ সচিব উপস্থিত থাকে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰিব লগা কামখিনি কিদৰে ৰূপায়ন কৰিছে সেই বিষয়ে আলোকপাত কৰা হয় । চৰকাৰে শান্তি চুক্তিকে ধৰি বহুখিনি দিশত কাম কৰিছে । আমাৰ আশা আছে চুক্তিত সন্নিৱিষ্ট সকলোবোৰ দিশেই বিজেপি চৰকাৰে ৰূপায়ণ কৰিব ।"

লগতে পঢ়ক: কংগ্ৰেছ গাখীৰ নিদিয়া মতা গৰু, ভোট দি লাভ নাই: ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.