ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত যুদ্ধসদৃশ পৰিৱেশ - AMCH

অসম চিকিৎসা মহাবিদ্যালয়‌ সংযোগী‌ জালান চাহ বাগিচাৰ এটা পথ বন্ধ কৰি দিয়াক লৈ আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি ।

Heated situation in AMCH over closure of a road in tea garden
কিয় পথ বন্ধ কৰিলে AMCH য়ে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 10:32 PM IST

মৰাণ: উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ আগশাৰীৰ এখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় । উজনি অসমৰ ৰাইজৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসম চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে গৌৰৱোজ্জ্বল ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ কিছু সিদ্ধান্তৰ লগতে মহাবিদ্যালয়ৰ ভিতৰত সংঘটিত কিছু ঘটনাই প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

ইয়াৰ মাজতে অসম চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তাৰ দোহাই দি এটা পথ মহাবিদ্যালয় কৰ্তৃপক্ষই বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তত সৃষ্টি হয় এক যুদ্ধ সদৃশ পৰিৱেশ । জালান চাহ বাগিচাৰ আলুবাৰী লাইনৰ গেট বন্ধৰ বিৰুদ্ধে মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবা শতাধিক ‌ৰাইজে । আলুবাৰী লাইনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।

অসম চিকিৎসা মহাবিদ্যালয়ত যুদ্ধসদৃশ পৰিৱেশ (ETV Bharat Assam)

প্ৰতিবাদকাৰী আৰু প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড টনা-আজোৰা । অৱশেষত কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে প্ৰৱেশদ্বাৰৰ অংশ খান্দি যাতায়াত বন্ধ কৰি দিয়ে আৰক্ষীয়ে । অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই নিৰাপত্তা দিশৰ প্ৰতি লক্ষ্য ৰাখি পথছোৱা বন্ধ কৰিবলৈ বিচাৰিছে যদিও ৰাইজৰ দাবী পথছোৱা বন্ধ হৈ গ'লে অঞ্চলটোৰ ৰাইজে যথেষ্ট সমস্যা সৃষ্টি হ'ব ।

এই পথেৰে চিকিৎসক-ৰোগীকে ধৰি প্ৰতিদিনে হাজাৰ হাজাৰ ৰাইজে যাতায়ত কৰে । গতিকে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক প্ৰতিবাদকাৰী সকলে এই পথছোৱা বন্ধ নকৰিবলৈ দাবী জনায় । এই যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান ! অৰুণাচলী শিল্পীৰ বিৰুদ্ধে গোচৰ ৰুজু

৭৭ টা বছৰে সেৱা আগবঢ়ালে অসম চিকিৎসা মহাবিদ্যালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.