ETV Bharat / state

সুধাকণ্ঠৰ এগৰাকী অনুৰাগীৰ একক প্ৰচেষ্টাৰে এক বিশেষ অনুষ্ঠান - BHUPEN HAZARIKA DEATH ANNIVERSARY

ডুমডুমাত প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অনুষ্ঠিত ব্যতিক্ৰমী পদক্ষেপ । বিশিষ্ট ব্যৱসায়ীয়ে পালন কৰিলে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী ।

A tribute to dr bhupen hazarika by a fan in doom dooma
সুধাকণ্ঠৰ এগৰাকী অনুৰাগীৰ একক প্ৰচেষ্টাৰে এক বিশেষ অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 11:02 PM IST

তিনিচুকীয়া: আজি অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকী চিৰদিনৰ বাবে হেৰাই যোৱা ১৩ টা বছৰ হ'ল ৷ লুইতৰ দুয়োপাৰে মঙলবাৰৰ দিনটোত কেৱল শুনা গ'ল সুধাকন্ঠৰ কালজয়ী গীতৰ গুঞ্জন ৷ কি শদিয়া কি ধুবুৰী ! সকলোতে একেই ৷ সুধাকণ্ঠক স্মৰণ কৰি সকলোতে সুধাকণ্ঠৰ সৃষ্টিৰাজীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে ।

ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ ডুমডুমাত প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অনুষ্ঠিত হ'ল এক বিশেষ অনুষ্ঠান- "প্ৰতিধ্বনি শুনো মই... ৷"

সুধাকণ্ঠৰ এগৰাকী অনুৰাগীৰ একক প্ৰচেষ্টাৰে এক বিশেষ অনুষ্ঠান (ETV Bharat Assam)

ড৹ ভুপেন হাজৰিকাক মনে প্ৰাণে ভাল পোৱা ডুমডুমাৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী সুজিত কুমাৰ বৰুৱা ৷ তেওঁৰেই মালিকানাধীন 'এলাইড গেছ ছাৰ্ভিচেছ' নামৰ প্ৰতিষ্ঠানটোৱে এককভাৱে অনুষ্ঠিত কৰে আজিৰ এই বিশেষ অনুষ্ঠানটোৰ ৷

ডুমডুমাৰ ঐতিহ্যমণ্ডিত অসমীয়া নাট্য মন্দিৰত অনুষ্ঠিত আজি সন্ধিয়াৰ এই বিশেষ অনুষ্ঠানটোৱে এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰে ৷ পদ্মশ্ৰী দুলাল মানকিকে ধৰি বহুকেইগৰাকী বিশিষ্ট শিল্পী, স্থানীয় ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকি সশ্ৰদ্ধ প্ৰণিপাত যাঁচে প্ৰাণৰ শিল্পীগৰাকীক ৷ '

এলাইড গেছ ছাৰ্ভিচেছ'ৰ বিষয়ববীয়া, ডুমডুমা অঞ্চলৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত গীত-নৃত্য, কবিতাৰে জীপাল হৈ পৰে ঐতিহ্যমণ্ডিত ডুমডুমা নাট্য মন্দিৰ প্ৰেক্ষাগৃহ । অনুষ্ঠানৰ অন্তত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সুজিত কুমাৰ বৰুৱাই কয়- "আজি প্ৰথমবাৰৰ বাবে 'এলাইড গেছ ছাৰ্ভিচেছ'ৰ তৰফৰ পৰা এককভাৱে সুধাকণ্ঠক সুঁৱৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে । অনাগত দিনসমূহতো সুধাকণ্ঠক নতুন প্ৰজন্মৰ স’তে চিনাকি কৰি দিয়াৰ মানসেৰে মই জীয়াই থকা পৰ্যন্ত এই অনুষ্ঠান আয়োজন কৰি যাম ।"

লগতে পঢ়ক: প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি দীঘলীপুখুৰীৰ পাৰত জ্বলিল ১০ হাজাৰ গছি বন্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.