কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে - ক'ভিড ভেকচিন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12002598-thumbnail-3x2-hdhd.jpg)
চাৰিদিনীয়া দিল্লী ভ্ৰমণৰ অন্তত আজি দিল্লীৰ পৰাই সাংবাদিকক সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৰ্তমান অসমৰ প্ৰেক্ষাপটত বহুল চৰ্চাত থকা চিকিৎসক নিগ্ৰহ, দুটাকৈ কাগজ কল নিলামৰ লগতে ক'ভিড পৰিস্থিতি আৰু ক'ভিড ভেকচিন প্ৰদানৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কাগজ কল নিলামৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কাগজ কল দুটা যদি কোনো ক্ৰয় কৰিবলৈ আহে তেন্তে গামোচা পিন্ধাই মই নিজে আদৰণি জনাম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ৷ লগতে হোজাই লংকাৰ চিকিৎসকৰ বিৰুদ্ধে অমানৱীয় ঘটনা সংঘটিত কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়াৰ লগতে চলিত মাহত 7 লাভ ক'ভিড ভেকচিন অসম চৰকাৰে ক্ৰয় কৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তদুপৰি আনল'ক সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷