তেজপুৰৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য
🎬 Watch Now: Feature Video
বিধানসভা নিৰ্বাচৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমাৎ তীব্ৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ মঙলবাৰে তেজপুৰৰ ধোৱা পুখুৰীৰ পাৰ্কিঙত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ সভাৰ ভাষণত কংগ্ৰেছক কটাক্ষ কৰি কংগ্ৰেছে 15 বছৰীয়া শাসনত একমাত্ৰ ধুতি, লুঙী আৰু সূতাৰ ৰাজনীতি কৰিলে আৰু লুঙীৰ ওপৰত বেছি গুৰুত্ব দিলে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা বিপুল ভোটত জয়যুক্ত হ'ব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া তেজপুৰত এক পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ পাছতে প্ৰচাৰ সভাত ভাগ লয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে সভাৰ শেষত পৃথ্বীৰাজ ৰাভাক লৈ মঞ্চত আকৌ এবাৰ মোডী চৰকাৰ গীতৰ তালে-তালে নৃত্য প্ৰদৰ্শন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷