শ্ৰম আদায় নিদিয়াক লৈ চাহ শ্ৰমিকৰ মাজত হাহাকাৰ - বিশ্বনাথ
🎬 Watch Now: Feature Video

শনিবাৰে বিশ্বনাথৰ ধুলি চাহ বাগিচাত(Dhullie Tea Estate) উত্তপ্ত পৰিস্থিতি । ধুলি চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ(Protest) চাহ শ্ৰমিকসকলৰ । চাহ বাগিচাখনৰ মহিলা শ্ৰমিকক 15 আগষ্টৰ হাজিৰা নিদিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মহিলা শ্ৰমিকসকলে । পূৰ্বতে 15 আগষ্ট অথবা 26 জানুৱাৰীত বাগিচা বন্ধ থাকিলেও শ্ৰমিকসকলক শ্ৰম আদায় কৰিছিল বাগিচা কৰ্তৃপক্ষই । কিন্তু এই বছৰ শ্ৰম আদায় নিদিয়াৰ বাবে ক্ষুব্ধ হৈ পৰে শ্ৰমিকসকল । অৱশেষত আটছাৰ(AATSA) মধ্যস্থতাকাৰীত বাগিচাৰ মালিক কৰ্তৃপক্ষ আৰু শ্ৰমিকৰ মাজত হোৱা বুজাবুজিৰ ফলত পৰিস্থিতিৰ শাম কাটে ।