প্ৰকৃতিৰ হকে কাম কৰি যাব ষষ্ঠ স্থানপ্ৰাপ্ত হৰিদ্ৰা বৰাই - Haridra Bora From Golaghat
🎬 Watch Now: Feature Video

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্বলিল গোলাঘাটৰ হৰিদ্ৰা বৰা । ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে গোলাঘাট চেক্ৰেড হাৰ্ট হাইস্কুলৰ ছাত্ৰী হৰিদ্ৰা বৰাই । মুঠ 588 নম্বৰ অৰ্জন কৰিছে গোলাঘাটৰ বেঙেনাখোৱাৰ ৰুবুল বৰা, মধুস্মিতা শইকীয়া বৰাৰ জীয়ৰী হৰিদ্ৰা বৰাই । হৰিদ্ৰা বৰাৰ পিতৃ প্ৰবক্তা আৰু মাতৃ এগৰাকী অধিবক্তা । ভৱিষ্যতে পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰি প্ৰকৃতিৰ বাবে কাম কৰাৰ পৰিকল্পনা ছাত্ৰী গৰাকীৰ ।