প্ৰায় 8 কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল গুৱাহাটী গ্ৰন্থ মেলা
🎬 Watch Now: Feature Video
33 সংখ্যক গুৱাহাটী গ্ৰন্থ মেলাৰ আজি শেষৰটো দিন ৷ শেষৰটো দিনত লোকে লোকাৰণ্য হৈ পৰিছে গ্ৰন্থ মেলাৰ বাকৰি ৷ লকডাউনৰ পাচত প্ৰথম বাৰৰ বাবে গুৱাহাটীত এনে অনুষ্ঠান অনুস্থিত হৈছে ৷ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত চলি থকা অসম প্ৰকাশন পৰিষদৰ ৩৩তম গুৱাহাটী গ্ৰন্থমেলাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । দেওবাৰৰ সামৰণি অনুষ্ঠানত সাংবাদিকৰ আগত এইদৰে কয়ে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । প্ৰায় 8 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে এইবাৰৰ গ্ৰন্থ মেলাত ৷ তাৰে ১২ লাখ টকা বিক্ৰী কৰিছে অসম প্ৰকাশন পৰিষদে । তেওঁ কয় যে, ‘‘ভবাতকৈ অধিক সহাঁৰি পাইছো গ্ৰন্থপ্ৰেমীৰ ৷ বৃদ্ধি পাইছে নতুন লেখক লেখিকাৰ ৷’’ নতুন লেখক ৰূপম দত্তৰ লাইভ অৱ এ ড্ৰাইভাৰ কেবিনৰ সিপাৰে লগতে নৱপ্ৰজন্মৰ কবি ৰঞ্জিত পাটগিৰীৰ প্ৰিয় বৰ্ণ কবিতা পুথিখনে যথেষ্ট সঁহাৰি পোৱা বুলি জনায় কলিতাই ৷