ভিডিঅ'যোগে ৰাইজক নিজাকৈ মাস্ক প্ৰস্তুতৰ আহ্বান চৰকাৰৰ ! - মাস্ক প্ৰস্তুত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6747387-thumbnail-3x2-k.jpg)
বিশ্বজুৰি কৰ'ণাৰ সংহাৰ অব্যাহত। COVID-১৯ৰ পৰা হাত সাৰি থাকিবলৈ একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক ব্যৱহাৰ কৰা। বৰ্তমান বজাৰত মাস্কৰ নাটনি হোৱা পৰিলক্ষিত হৈছে । এনে সময়ত সাধাৰণ ৰাইজে কি কৰিব, ঘৰতে কিদৰে মাস্ক প্ৰস্তুত কৰিব পৰা যায়, শেহতীয়াকৈ তাৰ এক ভিডিঅ' মুকলি কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে। মাস্ক প্ৰস্তুতৰ অতি সহজ উপায় আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰো পদ্ধতি দেখুওৱা হৈছে ভিডিঅ'টোত। লক্ ডাউনৰ সময়চোৱাত এই ভিডিঅ'টোৰ জৰিয়তে সাধাৰণ ৰাইজৰ যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে।