মৰিয়নীৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক - Goods truck on the streets of Mariani jorhat assam etv bharat news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12078574-thumbnail-3x2-fire.jpg)
মৰিয়নীৰ ৰাজপথত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড ৷ ৰাজপথতে দাওদাওকৈ জ্বলি উঠে সামগ্ৰীভৰ্তি এখন ট্ৰাক ৷ মৰিয়নীৰ মোককচাং পথৰ কমাৰ্চ কলেজ(Mariani Commerce College)ৰ সন্মুখত ৰখাই থোৱা অৱস্থাত মালবাহী এ এছ ২৩ বিচি ১৯৭৮ নম্বৰ ট্ৰাকখনত অগ্নিকাণ্ডটো সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে চালক-হেণ্ডিমেনৰ ৷ হঠাতে ট্ৰাকখন জ্বলি উঠা ঘটনাত কিছু ৰহস্য থকাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী(Fire brigade jorhat) উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় ৷