ভগৱানে মোৰ ঘৰত ছোৱালী দিলে কিন্তু দেউতাক লৈ গ’ল : গৌৰৱ গগৈ - জি এম চি এইচ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9641697-thumbnail-3x2-hhh.jpg)
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈ ৷ জি এম চি এইচত সংবাদমাধ্যমৰ সন্মুখত ক্ৰন্দনৰত হৈ পৰিল গৌৰৱ গগৈ ৷ তেওঁ পিতা-পুত্ৰৰ পুৰণি কথা কৈও চকুপানী টুকিলে ৷ লগতে কলে যে অসমৰ ৰাইজৰ আৰ্শীবাদৰ বাবেই তেওঁ বিগত তিনিমাহ ধৰি তেওঁ জীয়াই থাকিল ৷ লগতে হাস্পতাল কৰ্তৃপক্ষকো ধন্যবাদ জনালে গৌৰৱ গগৈয়ে ৷ ইয়াৰ উপৰিও এজন সুযোগ্য পিতৃ হিচাপে তেওঁক লৈ গৌৰৱ কৰো বুলি মন্তব্য পুত্ৰৰ ৷ লগতে তৰুণ গগৈ সদায় তেওঁৰ আত্মাত থাকিব বুলিও আবেগিক ভাৱে মন্তব্য কৰে ৷