ৰাংলিটিং চাহ বাগিচাত গেছ নিৰ্গমন হৈ আতংকময় পৰিৱেশৰ সৃষ্টি - ঘোঁৰামৰাৰ আৰক্ষী বিষয়া জোতিষ কুমাৰ
🎬 Watch Now: Feature Video

ডিব্ৰুগড় লাহোৱালৰ ৰাংলিটিং চাহ বাগিচাত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ । ভয়ত কম্পমান হৈছে ঘোঁৰামৰাৰ ৰাইজ । জেচিবিৰে মাটি খান্দোতে গেছ পৰিবাহী পাইপত লাগি যোৱাৰ পাচৰ পৰা সেই স্থানত গেছৰ নিৰ্গমন হৈছে । গেছৰ পাইপ ফাটি ওলোৱা গেছ চাৰিওকাষে বিয়পি পৰিছে । এতিয়ালৈকে নিগৰিত হোৱা গেছ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । ঘোঁৰামৰাৰ আৰক্ষী বিষয়া জ্যোতিষ কুমাৰৰ নেতৃত্বত এদল আৰক্ষীয়ে ঘটনাৰ বুজ লৈছে ।