মহানগৰীত প্ৰতিকূল বতৰতো গণেশ মন্দিৰসমূহত ভক্তৰ ভিৰ - আজি সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ পূজা
🎬 Watch Now: Feature Video
আজি সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ পূজা ৷ মহানগৰীত প্ৰতিকূল বতৰতো গণেশ মন্দিৰসমূহত ভক্তৰ ভিৰ (Ganesh puja celebrations in Guwahati) ৷ বিশেষকৈ মহানগৰীৰ লতাশিল গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি-নিচিগা ভিৰ দেখা যায় ৷ লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতিৰ উদ্যোগত আন বছৰৰ দৰে এইবাৰো দিনজোৰা কাৰ্যসূচীৰে গণেশ পূজাৰ আয়োজন কৰা হয় (Ganesh puja celebrations at Latasil Ganesh mandir) । সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি আয়োজন কৰা পূজাভাগত পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগতে মাংগলিক নীতি নিয়মেৰে ব্ৰহ্মপুত্ৰৰ পৰা ঘটৰ পানী গ্ৰহণ কৰাৰ পিছতে গণেশ পূজা আৰম্ভ কৰা হয় । বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাবলৈ অনাড়ম্বৰভাৱে আয়োজন কৰা গণেশ পূজাৰ যজ্ঞত 22,000 আহুতি প্ৰদান কৰা হয় ৷