গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়লৈ বিশেষ সন্মান

By

Published : Feb 9, 2022, 4:43 PM IST

thumbnail

গোলাঘাট জিলাৰ বাবে এক সুখবৰ । জিলাখনত থকা ঐতিহ্যমণ্ডিত ফৰকাটিং মহাবিদ্যালয়লৈ বিশেষ স্বীকৃতি । উত্তৰ-পূৱৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত স্থান পালে ফৰকাটিং মহাবিদ্যালয়ে । ফৰকাটিং মহাবিদ্যালয়ে লাভ কৰিলে NAACৰ মূল্যায়নত A+ গ্ৰেড (Furkating College gets A plus grade in NAAC assessment)। মহাবিদ্যালয়ৰ শিক্ষা, আন্তঃগাঠনি, প্ৰতিযোগিতা মূলক পৰীক্ষা, ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা, ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ বিশ্লেষণাত্মক দক্ষতাৰ ওপৰত নিৰ্ধাৰিত এই বিশেষ সন্মান । মহাবিদ্যালয়খনৰ এনে সন্মানক লৈ উৎফুল্লিত হৈ পৰিছে শিক্ষক লগতে ছাত্ৰ সমাজ । বিহু পৰিৱেশন কৰি, ফটকা ফুটাই শিক্ষক তথা শিক্ষাৰ্থীসকলক আনন্দত মতলীয়া হোৱা দেখা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.