দৰঙত আটক চাৰি বিদেশী নাগৰিক - দৰং আৰক্ষী
🎬 Watch Now: Feature Video
দৰং সীমান্ত আৰক্ষীয়ে শনিবাৰে পলাতক হৈ থকা চাৰিজন বিদেশী নাগৰিকক আটক কৰে ৷ দৰঙৰ সীমান্ত আৰক্ষীৰ উপ পৰিদৰ্শক অক্ষয় কুমাৰ তালুকদাৰৰ নেতৃত্বত এটা দলে অভিযান চলাই বিদেশী নাগৰিক কেইজনক আটক কৰে ৷ আটকাধীন লোককেইজন ক্ৰমে মহিৰণ বেগম, কুলচুন বেগম, কুচুমুদ্দিন আলি আৰু জয়নব বিবি বুলি জানিব পৰা হৈছে ৷ বিদেশী ন্যায়াধীকৰণে ব্যক্তিকেইজনক বহুদিন পূৰ্বে বিদেশী নাগৰিক বুলি চিনাক্ত কৰিছিল ৷ ইয়াৰ পাছৰে পৰা পলাতক হৈ আছিল আটাইকেইজন ৷ শনিবাৰে নিশা দৰঙৰ সীমান্ত আৰক্ষীয়ে অভিযান চলাই কলাইগাঁওৰ জাবেৰিকুছি আৰু মংগলদৈৰ ৬ নং আৰু ৮ নং ৱাৰ্ডৰ পৰা আটাইকেইজনকে আটক কৰিবলৈ সক্ষম হয় । জয়নব বিবি নামৰ বাংলাদেশী মহিলাগৰাকীৰ এটি দুবছৰীয়া সন্তানো আছে । দৰং আৰক্ষীয়ে আটক কৰা বাংলাদেশী নাগৰিক চাৰিগৰাকীক তেজপুৰৰ ডিটেনছন কেম্পলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷