কলিয়াবৰত ভাওনা চালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই - প্ৰফুল্ল কুমাৰ মহন্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4313226-185-4313226-1567400947561.jpg)
কলিয়াবৰ, 2 ছেপ্টেম্বৰঃ কলিয়াবৰত সম্পূৰ্ণ ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথি৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰে "অভিমন্যু বধ" ভাওনা। নৱ-প্ৰজন্মক অসমীয়া সংস্কৃতিৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যে ১৭ জুলাইৰ পৰা কলিয়াবৰৰ উলুৱনি গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ৪১ দিনীয়া ভাওনা কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰফুল্ল মহন্তৰ ওপজা গাঁও উলুৱনিত শিশু-চমনীয়াৰ দ্বাৰা অভিনীত ভাওনাত দৰ্শকৰূপে উপস্থিত থাকি উৎফুল্লিত হৈ পৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।