Elephant attack : মাউতকে আক্ৰমণ কৰিলে জয়মলাই - হাতীৰ আক্ৰমণ
🎬 Watch Now: Feature Video

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত অঘটন । অগৰাতলি বনাঞ্চলৰ নলনী বন শিবিৰত বিভাগীয় জয়মলা নামৰ মাইকী হাতী জনীৰ আক্ৰমণত আহত হৈছে হাতীৰ মাউত গৰাকী। বিন্দালাল কৰ্মকাৰ নামৰ হাতীৰ মাউত জনক অকস্মাতে আক্ৰমণ কৰে বন বিভাগৰ হাতী জনীয়ে । গুৰুতৰ ভাৱে আহত হাতীৰ মাউত জনক উন্নত চিকিৎসাৰ বাবে বোকাখাত মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি JMCH লৈ প্ৰেৰণ কৰা হৈছে ৷