নগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযান; প্ৰায় 15 লাখ টকা সহ তিনিজনক আটক

By

Published : Apr 16, 2019, 3:08 AM IST

thumbnail
নগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযান ৷ সোমবাৰে সন্ধিয়া নগাঁৱৰ হোটেল টেন ইলেভেনত দীর্ঘসময় অভিযানৰ অন্তত জব্দ কৰে প্ৰায় 15 লাখ টকা ৷ নগাঁৱৰ শীৰ্ষ আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়াৰ সহযোগত চলোৱা অভিযানত প্ৰায় 15 লাখ টকা সহ তিনিজনক আটক কৰে ফ্লায়িং স্কোৱাডৰ দলটোৱে ৷ আটকাধীন তিনিওজন কংগ্ৰেছ দলৰ সৈতে জড়িত থকাৰ সন্দেহ ৷ আটক কৰা লোক কেইজন ক্ৰমে, চাকিল অকতাৰ, অৰিন্দম কাকতি আৰু জিতেন গোস্বামী ৷ অভিযানত নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ফটো সম্বলিত বেজ উদ্ধাৰ কৰা হয় হোটেলৰ বিশেষ কোঠাটোৰ পৰা ৷ কংগ্ৰেছ দলে শেষ নিশাৰ খেলৰ বাবে ধন মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি একাংশ বিজেপি কৰ্মীয়ে ঘটনাস্থলীত সাব্যস্ত কৰে প্ৰতিবাদ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.