বকোৰ হাহিমত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 26, 2021, 5:12 PM IST

অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত শনিবাৰে অনুষ্ঠিত হয় মাছ ধৰা প্ৰতিযোগিতা । অসম আৰু মেঘালয়ৰ বিভিন্ন অঞ্চলৰ ব্যক্তিয়ে অংশ গ্ৰহণ কৰে এই আকৰ্ষণীয় প্ৰতিযোগিতাত । অসমৰ কামৰূপ জিলাৰ লাম্পি, হাহিম, বকো, মালাং, শালপাৰা আদি বিভিন্ন অঞ্চলৰ লোকে অংশ গ্ৰহণ কৰাৰ বিপৰীতে এই আকৰ্ষণীয় প্ৰতিযোগিতাত চুবুৰীয়া মেঘালয় ৰাজ্যৰ পশ্চিম খাছী পাহাৰ জিলাৰ টংহৰ, নংমা, ৰিয়াঙডো আদি অঞ্চলৰ লোকেও অংশ গ্ৰহণ কৰে । বৰশীৰে মাছ ধৰা এই প্ৰতিযোগিতাৰ জৰিয়তে দুয়ো ৰাজ্যৰ সম্প্ৰীতিৰ এক বান্ধোন দেখা যায় । ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈকে চলে এই আকৰ্ষণীয় প্ৰতিযোগিতাখন । অসম আৰু চুবুৰীয়া মেঘালয়ৰ ২৪২ গৰাকী লোকে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতাত । সকলোতকৈ বেছি ওজনৰ মাছ ধৰা ব্যক্তিজনক নগদ ১০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয় । প্ৰথম পুৰস্কাৰ লাভ কৰা লোকজন মেঘালয়ৰ পশ্চিম খাছী পাহাৰৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বকোৰ হাহিম অঞ্চলত প্ৰত্যেক বছৰে অনুষ্ঠিত হয় এনেধৰণৰ বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.