বানৰ পূৰ্বে চৰাঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভা - দুৰ্যোগ ব্যৱস্থাপনা বিভাগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12189380-thumbnail-3x2-uxgqu.jpg)
অনাগত বাৰিষাৰ বানক লৈ তৎপৰ হৈ পৰিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (disaster management department) তথা অগ্নি নিৰ্বাপক বাহিনী(fire brigade)। বানপানীৰ সময়ত চৰ অঞ্চলৰ ৰাইজক কেনেদৰে সজাগ হৈ থাকিব লাগে, কি কি কৰণীয় হ’ব তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কাঠালদি ৩য় খণ্ড গৌৰাং নৈৰ কাষৰীয়া অঞ্চলত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ এটি দল । কাঠালদিত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে বানপানীৰ কৱলত পৰা পশুধনৰ লগতে মানুহক কেনেকৈ ৰক্ষা কৰিব পাৰি ইয়াৰ সম্পৰ্কতো সজাগতামূলক পৰ্যালোচনাত অংশ লয় ৷