Fire brigade mock drill : ধনিশিৰিত অগ্নিনিৰ্বাপক বাহিনীৰ সজাগতামূলক কাৰ্যসূচী - Fire incident in Assam
🎬 Watch Now: Feature Video
ৰাজ্যত প্ৰায় প্ৰতিদিনে অগ্নিকাণ্ডৰ ফলত বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু সম্পত্তি ধ্বংস হোৱা দেখা যায়(Fire incident in Assam) । ৰাইজৰ অসাৱধানতা আৰু সজাগতাৰ অভাৱৰ বাবে জুইত নষ্ট হয় বহু সম্পত্তি । যাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । গোলাঘাট জিলাৰ ধনশিৰিত অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱাৰ উদ্যোগত লোৱা হৈছে বিশেষ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় (Fire Brigade Awareness Programme at Dhansiri) । ধনশিৰিৰ ছেৱাগুৰিস্থিত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ভাৰ্গৱ পেট্ৰ'ল পাম্পত এই কাৰ্যসূচী ৰূপায়ণ কৰে । অগ্নি নিৰ্বাপক বাহিনীয়ে জুইৰ লগতে ভূমিকম্প,বানপানীৰ সময়ত জনসাধাৰণে কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰে সেই ক্ষেত্ৰত সজাগ কৰাৰ চেষ্টা কৰে । ইফালে পেট্ৰ'ল পাম্পত জুইৰ সূত্ৰপাত হ'লে ল'বলগীয়া সাৱধনতা সম্পৰ্কে পাম্পৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হয় ।