thumbnail

By

Published : Dec 24, 2021, 12:41 PM IST

ETV Bharat / Videos

অসম ৰাজ্যিক চিৰিয়াখানাত মাইকী জিৰাফৰ ৰহস্যজনক মৃত্যু

শুকুৰবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানাত ৰহস্যজনকভাৱে মৃত্যু ঘটিল এটি মাইকী জিৰাফৰ(female Giraffe in Guwahati zoo dead) ৷ নিশা দানা খোৱা স্থানত ফাঁচ লাগি জিৰাফজনীৰ মৃত্যু (Death of the giraffe by hanging)হোৱাৰ ধাৰণা কৰা হৈছে যদিও বৰ্তমান এই কথা অস্বীকাৰ কৰে বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰে ৷ উল্লেখ্য যে, ৮ বছৰ বিৰতিৰ পিছত প্ৰায় ডেৰ বছৰ পূৰ্বে মহীশূৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল দুটাকৈ জিৰাফ ৷ তাৰে মাইকী জিৰাফজনীৰ বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হোৱাত বৰ্তমান এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত DFO অশ্বিনী কুমাৰে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰি কয় যে ,"মহীশূৰৰ পৰা অনা এনি নামৰ জিৰাফ জনীৰ মৃত্যু কাৰণ বৰ্তমানলৈকে জনা হোৱা নাই । ইতিমধ্যে এই ঘটনাক লৈ এক তদন্ত ক্ৰিয়া অব্যাহত আছে । তদন্তৰ অন্ততহে পোহৰলৈ আহিব মৃত্যুৰ কাৰণ "৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.