গৰৈমাৰীত গ্ৰেপ্তাৰ ভুৱা শিক্ষক - টেট শিক্ষক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13262921-thumbnail-3x2-fake.jpg)
জালিয়াতিৰে চাকৰি লোৱা ভুৱা শিক্ষকৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ গৰৈমাৰীত আৰক্ষীৰ অভিযান ৷ সোমবাৰে ছয়গাঁও আৰক্ষীৰ অভিযানত পুনৰ আটক হৈছে ভুৱা নিযুক্তি পত্ৰৰে চাকৰিত যোগদান কৰা এজন শিক্ষক ৷ আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এক অভিযানত গৰৈমাৰীৰ পৰা আটক হৈছে টপাৰ পথাৰৰ আক্ৰাম হুছেইন নামৰ ভুৱা শিক্ষকজনক । প্ৰাপ্ত তথ্য অনুসৰি, আক্ৰামে ভুৱা নিযুক্তি পত্ৰৰে বাক্সা জিলাৰ কাউলী হাইস্কুলত শিক্ষকতা কৰি আছিল । উল্লেখ্য যে, শনিবাৰেও ছয়গাঁও আৰক্ষীৰ জালত পৰিছিল ভুৱা টেট শিক্ষক হায়েত আলী ।