এজন শিক্ষকেৰে চলি থকা এখন ব্যতিক্ৰমী প্ৰাথমিক বিদ্যালয় - ধোদৰ আলি প্ৰাথমিক বিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 15, 2021, 3:04 PM IST

শিৱসাগৰৰ আমগুৰিৰ 1958 চনতে স্থাপন হোৱা এখন চৰ্চিত প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনৰ চৌপাশৰ মনোমোহা দৃশ্য আৰু শিক্ষাদান পদ্ধতিৰ বাবে নামতিৰ এই ধোদৰ আলি প্ৰাথমিক বিদ্যালয়খন অন্য বিদ্যালয়তকৈ ব্যতিক্ৰম ৷ বিদ্যালয়ৰ পকী ৱালত বিভিন্ন চিত্ৰ জাতীয় পতাকা,ৰাষ্ট্ৰীয় সংগীত,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,হাতী,গঁড়,সিংহ,বাঘ আদি অংকণ কৰি ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়খনৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিছে । আনহাতে,বিদ্যালয়খনত এটি পুঁথিভৰাল,স্মৰণীয় ব্যক্তিৰ ফটো ৰাখি ছাত্ৰ-ছাত্ৰীৰ সুবিধাজনক হোৱাকৈ শিক্ষা গ্ৰহণত সহায় কৰি আহিছে । গুৰুত্বপূৰ্ণ কথা যে, বিদ্যালয়খনত মাত্ৰ এজনেই শিক্ষক। তেওঁ প্ৰধান শিক্ষকৰো দায়িত্ব গ্ৰহণ কৰি আছে। বিদ্যালয়খনৰ ছটাকৈ শ্ৰেণীকোঠাৰ দায়িত্ব কান্ধত লৈ তেওঁ 59 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে। বিদ্যালয়খনৰ পৰা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.