ETV Bharat / state

দুৰ্ঘটনা নহয়, পৰিকল্পিতভাৱে পত্নী-কন্যাশিশুক হত্যা কৰিছিল ৰইছ উদ্দিনে - CACHAR CAR ACCIDENT UPDATE

কাছাৰৰ বৰখলা ৰায়পুৰত বৰাক নৈত বাহন বাগৰি মাতৃ-শিশুকন্যাৰ মৃত্যুৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰিছে ৷

CACHAR CAR ACCIDENT UPDATE
দুৰ্ঘটনা নহয়, পৰিকল্পিতভাৱে পত্নী-কন্যাশিশুক হত্যা কৰিছিল ৰইছ উদ্দিনে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 11 hours ago

শিলচৰ: কাছাৰৰ বৰখলা ৰায়পুৰত মথাউৰিৰ পৰা নিয়ন্ত্ৰণ হেৰাই অল্টো বাহন বৰাক নৈত বাগৰি পৰি মাতৃ-শিশুকন্যাৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত হেলিনা বেগম বৰভূঞাৰ স্বামী ৰইছ উদ্দিন বৰভূঞাক ৷ হেলিনাৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰইছক ৷

উল্লেখ্য যে, মঙলবাৰে নিশা কাছাৰৰ বৰখলা ৰায়পুৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত বাগৰি পৰে এখন অল্টো বাহন । এই ভয়ংকৰ দুৰ্ঘটনাত নদীৰ পানীত নিখোঁজ হয় বাহনখনত থকা হেলিনা বেগম বৰভূঞা আৰু এবছৰীয়া কন্যা শিশু জন্নত আৰা বেগম ।

দুৰ্ঘটনা নহয়, পৰিকল্পিতভাৱে পত্নী-কন্যাশিশুক হত্যা কৰিছিল ৰইছ উদ্দিনে (ETV Bharat Assam)

বুধবাৰে পুৱা উদ্ধাৰ হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখন । বাহনখনৰ পৰা উদ্ধাৰ হয় হেলিনা বেগম বৰভূঞাৰ লগতে এবছৰীয়া কন্যা জন্নত আৰা বেগমৰ মৃতদেহ ৷ ইফালে বাহনখন নৈত পৰি যোৱাৰ পাছত বাহনৰ আইনা ভাঙি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আছে ৰইছ উদ্দিন ৷

ইয়াৰ পাছতেই ঘটনাটো লৈ সৃষ্টি হৈছিল ৰহস্যৰ ৷ ৰইছ উদ্দিনে পত্নী আৰু শিশু কন্যাক পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিছে বুলি অভিযোগ কৰে হেলিনাৰ পৰিয়ালৰ লোকে ৷ হেলিনাৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত ৰইছৰ বিৰুদ্ধে আৰক্ষীক গোচৰ তৰে ৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে ৰইছ উদ্দিনক । কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই নিশ্চিত কৰিছে এই কথা ৷

আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয়, "অৰ্থসংক্ৰান্ত বিষয় লৈ স্বামী-স্ত্ৰীৰ মাজত বিবাদ চলি আহিছিল আৰু ইয়াৰ বাবেই পত্নী আৰু ১৩ মহীয়া কন্যা সন্তানক পৰিকল্পিতভাৱে স্বামী ৰইছ উদ্দিনে হত্যা কৰে । আমাৰ তদন্তত আমি এই কথা পতিয়ন গৈছো আৰু এই সন্দৰ্ভত আমি আদালতত লিখিত প্ৰতিবেদন দাখিল কৰিছো ৷"

নোমাল মাহাত্তাই জানিবলৈ দিয়া মতে, ৰইছ উদ্দিন এজন গাড়ী চালক হয় আৰু তেওঁ অসমৰ বাহিৰত থাকি কাম কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত ৰইছ উদ্দিনক নিজৰ জিম্মাত লৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: অতি মৰ্মান্তিক; বৰাকৰ বুকুত চিৰদিনৰ বাবে হেৰাই গ’ল মাতৃ-কন্যা - TRAGIC ACCIDENT IN CACHAR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.