বিধানসভা নিৰ্বাচনত বিজেপি আই টি চেলৰ ভূমিকা সন্দৰ্ভত ৰাজ্যিক মুখপাত্ৰৰ সৈতে বাৰ্তালাপ - চ'চিয়েল মিডিয়া
🎬 Watch Now: Feature Video

সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰণকৌশল প্ৰস্তুত কৰাত উঠি পৰি লাগিছে অসম প্ৰদেশ বিজেপি ৷ তদুপলক্ষে বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা অসমত উপস্থিত হৈ কেইবাখনো দলীয় গোপন সভাত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণশৈলী প্ৰস্তুত কৰিছে । বিগত নিৰ্বাচনসমূহত মুখ্য ভূমিকা লোৱা বিজেপিৰ আইটি চেল তথা চ'চিয়েল মিডিয়া বিভাগে আগন্তুক নিৰ্বাচনত কেনে ভূমিকা পালন কৰিব ? কি হ'ব আই টি চেলৰ নিৰ্বাচনী কৌশল ? ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ আই টি চেলৰ মুখপাত্ৰ তথা ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাই বিধানসভা নিৰ্বাচনত আই টি চেল তথা চ'চিয়েল মিডিয়া বিভাগে ল'ব ল'গা ভূমিকা সন্দৰ্ভত সবিশেষ জনালে ইটিভি ভাৰতক ।