প্ৰয়াত বিজেপি নেতাৰ ঘৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল - বিজেপিৰ প্ৰয়াত নেতা শংকৰ চন্দ্ৰ দাসৰ ঘৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল
🎬 Watch Now: Feature Video
বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি তথা বিগত বিধানসভা নিৰ্বাচনৰ সৰভোগ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ (Sankar Chandra Das)) বিয়োগ । তেওঁৰ বিয়োগৰ পিছতে বিজেপি দলৰ ভিতৰচ'ৰাত গভীৰ শোকে বিৰাজ কৰিছে । দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই ইতিমধ্যে তেওঁৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে । শুকুৰবাৰে প্ৰয়াত বিজেপি নেতাগৰাকীৰ বাসগৃহত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী (Ex chief minister of Assam) সৰ্বানন্দ সোণোৱাল । পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ লগতে প্ৰয়াত নেতাগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইফালে সাংবাদিকৰ আগত নেতাগৰাকীক স্মৰণ কৰি সৰ্বানন্দ সোণোৱালে কয় যে শংকৰ প্ৰসাদ দাসৰ মৃত্যু দলৰ বাবে এক বৃহৎ ক্ষতি । কিয়নো তেওঁ দলৰ এগৰাকী সক্ৰিয় নেতা আছিল । তেওঁৰ মতে প্ৰয়াত নেতাগৰাকী বিজেপি দলৰ এগৰাকী নিষ্ঠাবান আৰু সৎ কাৰ্যকৰ্তা আছিল ৷ ইয়াৰোপৰি তেওঁ এগৰাকী শিক্ষাবিদ হোৱাৰ লগতে সৰভোগ, বৰপেটা ৰোডৰ লগতে বৰপেটা জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত তেওঁ প্ৰায়ে অংশগ্ৰহণ কৰি আহিছিল । বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত আছিল প্ৰয়াত নেতাগৰাকী । উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ জ্যেষ্ঠ নেতা শংকৰ চন্দ্ৰ দাস (Sankar Chandra Das)ৰ বুধবাৰে গুৱাহাটীত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৪ বছৰ ৷ বৰনগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাক্তন সাংবাদিক, এ পি ডি চি এলৰ প্ৰাক্তন সঞ্চালক তথা বৰপেটা জিলা বিজেপিৰ সভাপতি প্ৰয়াত দাসে যোৱা বিধানসভা নিৰ্বাচন (Legislative Assembly Election)ত সৰভোগ সমষ্টিত বিজেপি দল (BJP)ৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷ কিছুদিন পূৰ্বে ক’ভিডত (Covid) আক্ৰান্ত হোৱাত তেওঁক বৰপেটা মেডিকেল কলেজ (Barpeta Medical College)ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পাছত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰি থকা হৈছিল ৷ পৰৱৰ্তী সময়ত তেখেতৰ ক’ভিড নিগেটিভ হয় যদিও শৰীৰত অইন অনুসাংগিক ৰোগে দেখা দিয়াত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে জ্যেষ্ঠ নেতাজনে ৷