অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ঐতিহাসিক ফুলগুৰি ধেৱা - ফুলগুৰি ৰণ
🎬 Watch Now: Feature Video
ইংৰাজৰ ঔপনিৱেশিক শাসনৰ অন্ত পেলাই স্বাধীন ভাৰত গঢ়াৰ সংকল্পৰে ভাৰতত বৃটিছ শাসন কালত চলিছিল স্বাধীনতাৰ মহা সংগ্ৰাম ৷ এই সংগ্ৰামৰ মূল গুৰি ধৰোঁতা আছিল জাতিৰ পিতা মহাত্মা গান্ধী ৷ মহাত্মা গান্ধীৰ নেতৃত্বত 1821 চনত বৃটিছৰ কৰ-কাটলৰ বিৰুদ্ধে অসহযোগ আন্দোলন গঢ়ি উঠাৰ বহু পূৰ্বেই 1861 চনতে অসমত আৰম্ভ হৈছিল কৃষক বিদ্ৰোহ ৷ নগাঁও জিলাৰ ফুলগুৰিত 1861 চনৰ 18 অক্টোবৰত কৃষকে আৰম্ভ কৰিছিল বিদ্ৰোহ ৷ যাক জনা যায় ফুলগুৰি ধেৱা(Phulaguri Dhewa) অৰ্থাৎ ফুলগুৰিৰ ৰণ হিচাপে ৷ যি বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমৰ ৰাইজক স্বাধীনতা আন্দোলনৰ বাবে অনুপ্ৰাণিত কৰিছিল ৷ দেশৰ ভিতৰতে এই প্ৰথম কৃষক বিদ্ৰোহটো কেৱল ৰাজ্যিক পৰ্যায়তে জন মানসত থাকি ৰ’ল ৷ দেশৰ ইতিহাসত ই লাভ নকৰিলে যথোচিত পৰিচয় ৷ এতিয়া মাথোঁ স্মৃতিসৌধসমূহে বুকুত সামৰি ৰাখিছে সেই জীৱন্ত ইতিহাস ৷
Last Updated : Aug 15, 2021, 10:17 AM IST