Exclusive : তাপীৰ গাৱৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - ভাৰত চীন সীমান্ত
🎬 Watch Now: Feature Video
অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ নাচো ৰাজহ চক্ৰৰ মেক মোহন লাইনৰ ভাৰত চীন সীমান্তৰ পৰা চীনা সৈন্যই 5 গৰাকী লোকক বন্দী কৰি নিয়া কথা স্বীকাৰ সাংসদ তাপীৰ গাৱৰ । ইটিভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত পূৱ অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদগৰাকীয়ে কয় যে, যোৱা মাৰ্চ মাহৰ ঘটনাৰ পুনৰাবৃত্তি কৰিলে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে । অৰুণাচলৰ সীমান্তৰ লোক সকলে প্ৰায়ে এই সময়ত সীমান্তত বৰফ পৰাৰ আগমুহূৰ্তত বনৌষধি বিচাৰি যায় আৰু এনে সময়তে চীনা সৈন্যই বন্দী কৰি লৈ যায় । চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ ঘটনা এইয়া কোনো নতুন নহয় ৷ যোৱা জুলাই মাহৰ মাজভাগত আণ্ডাৰীলা সীমান্তত ভাৰতীয় সেনাৰ লগত চীনা সৈন্যৰ মুখামুখি হোৱাৰ কথা স্বীকাৰ কৰে সাংসদগৰাকীয়ে ।
আনহাতে ভাৰত চীনৰ মাজত কোনো স্থায়ী সীমা নাই একমাত্ৰ মেক মোহন লাইনৰ জৰিয়তে সীমা নিৰ্ধাৰণ কৰা হয় বা মানি চলা হয় ।