কৰ’ণাৰ সমান্তৰালকৈ যোৰহাটত এনকেফেলাইটিছৰ আতংক

By

Published : Jul 8, 2021, 10:18 PM IST

thumbnail
কাল কৰ’ণাৰ সমান্তৰালকৈ যোৰহাটত জাপানীজ এনকেফেলাইটিছে লৈছে ভয়াৱহ ৰূপ ৷ জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি, ইতিমধ্যে যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে তিনিটা শিশু ৷ এনকেফেলাইটিছত আক্ৰান্ত হোৱা শিশু তিনিটা বৰ্তমান চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷ আক্ৰান্ত এই তিনিটা শিশুৰ ভিতৰত এটা শিশু টীয়কৰ, এটা শিশু মাজুলীৰ আৰু আনটি শিশু নেঘেৰিটিঙৰ বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, আক্ৰান্ত তিনিটি শিশুৰ এজন জাপানী এনকেফেলাইটিছত আৰু আন দুজন শিশু সন্দেহজনক এনকেফেলাইটিছত আক্ৰান্ত হৈ আছে বুলি অনুমান কৰা হৈছে ৷ বৰ্তমান আন 7 টি শিশু কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে চিকিৎসা মহাবিদ্যালয়খনত ৷ তদুপৰি এটি ৭ দিনীয়া শিশু কৰ’ণা যুদ্ধত জয়ী হৈ ইতিমধ্যে ঘৰলৈ ওভতি গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.