হোজাইত বন্য হস্তীৰ উপদ্ৰৱ - হোজাইৰ নন্দপুৰ
🎬 Watch Now: Feature Video

হোজাইৰ নন্দপুৰ গাঁৱত শুকুৰবাৰে পুৱতি নিশা বনৰীয়া হাতীয়ে চলালে তাণ্ডৱ। খাদ্যৰ সন্ধানত গাঁও খনত প্ৰৱেশ কৰা হাতীৰ বৃহৎ এটা জাকে বহু কেইটা বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে খাদ্যৰ সন্ধানত ভঁড়াল ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷ উল্লেখযোগ্য যে, আক্ৰমণৰ সময়ত কোনোমতে গৃহস্থই নিজৰ প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে। ইপিনে বনৰীয়া হাতীৰ জাকটো খেদি পঠাবলৈ বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷