এতিয়াৰে পৰা ডিব্ৰুগড়তে দেখিবলৈ পাব আইফেল টাৱাৰ !

By

Published : Oct 2, 2021, 12:44 PM IST

thumbnail
আপোনাৰ বাৰু পেৰিছৰ আইফেল টাৱাৰ অথবা নতুন দিল্লীৰ ইণ্ডিয়া গেট চোৱাৰ হেঁপাহ আছে নেকি ? এতিয়াৰে পৰা আইফেল টাৱাৰ আৰু ইণ্ডিয়া গেট চাবলৈ অসমৰ বাহিৰলৈ যাব নালাগে ৷ বিশ্বৰ প্ৰতিগৰাকী ভ্ৰমণ পিপাসু ব্যক্তিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আইফেল টাৱাৰ আৰু ইণ্ডিয়া গেট এতিয়াৰে পৰা দেখিবলৈ পাব ডিব্ৰুগড়তে ৷ আচলতে কথাটো এনেধৰণৰ ৷ ডিব্ৰুগড়ৰ এগৰাকী ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে আইফেল টাৱাৰ আৰু ইণ্ডিয়া গেটে ৷ ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছে ৩ ফুট উচ্চতাৰ ইণ্ডিয়া গেট আৰু আঢ়ৈ ফুট উচ্চতাৰ আইফেল টাৱাৰ ৷ ডিব্ৰুগড় চহৰৰ অ’ল্ড ডিচি বাংলা পথত বাস কৰা বিবেক পলে নিজস্ব কৌশলেৰে সাজি উলিয়াইছে এই ইণ্ডিয়া গেট আৰু আইফেল টাৱাৰ ৷ শেহতীয়াকৈ পলে এই কামেৰে বিশেষ চৰ্চা লাভ কৰিছে ডিব্ৰুগড় চহৰত । তেওঁ জানিবলৈ দিয়া মতে, বহু কেইখন আগশাৰীৰ পূজা সমিতিয়ে তেওঁৰ সৈতে যোগাযোগ কৰিছে । মুঠৰ ওপৰত এইবাৰ পূজাৰ বতৰত ডিব্ৰুগড়তে দেখিবলৈ পাব ইণ্ডিয়া গেট আৰু পেৰিছৰ আইফেল টাৱাৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.