বিজয়া দশমী : গুৱাহাটী চূণচালি জয়পুৰ ঘাটত বিসৰ্জন দেৱী দুৰ্গাৰ প্ৰতিমা - শাৰদীয় দুৰ্গা পূজা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13366229-thumbnail-3x2-noonmati.jpg)
ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পিছত আজিৰ পৰা অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাহ । মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি-উজান বজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ চূণচালি জয়পুৰ ঘাটতো আজি অৰ্থাৎ শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা সন্ধিয়া প্ৰায় ৭ বজালৈ ক’ভিড বিধি মানি দেৱী দুৰ্গাৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়া পৰিলক্ষিত হয় ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা অনুসৰি, এইবাৰ এই ঘাটত বৰবাৰী, বামুনিমৈদাম, সাতগাঁও, হাতীগড় চাৰিআলি, খাৰঘুলি, বেলতলা, চান্দমাৰী, গীতানগৰ, নুনমাটি, নাৰেংগী, মঠঘৰীয়াকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৮ খন পূজা সমিতিৰ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন কৰা হ’ব ।