তিতাবৰত পাঁচ লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ - Anti durgs operation of Titabar Police
🎬 Watch Now: Feature Video

যোৰহাটৰ তিতাবৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান (Anti durgs operation of Titabar Police) ৷ গোলাঘাট দিশৰ পৰা অহা AS 04 D 1619 নম্বৰৰ এখন Zen বাহনত সৰবৰাহকাৰীয়ে প্ৰায় 10 টাকৈ চাবোনৰ বাকচত লুকুৱাই আনিছিল নিচাযুক্ত সামগ্ৰীখিনি ৷ ড্ৰাগছ বিৰোধী এই অভিযানটোৰ নেতৃত্ব বহন কৰিছিল মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নমণি সিনহাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰা সৰবৰাহকাৰীটো তিতাবৰৰ বৰএৰাৰ বাসিন্দা বাবলু হুছেইন ওৰফে বুল্লু বুলি জানিব পৰা গৈছে ৷ জব্দ কৃত ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় 5 লক্ষাধিক টকা (Drugs worth over 5 lakh seized in Titabar) হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে ৷