thumbnail

পাথাৰকান্দিত আৰক্ষীৰ অভিযানত জব্দ ব্ৰাউন চুগাৰ

By

Published : Aug 16, 2021, 6:29 PM IST

প্ৰতি দিনে ৰাজ্যৰ বিভিন্ন স্থানত জব্দ হৈছে নিচাজাতীয় দ্ৰব্য । আৰক্ষীলৈ বুঢ়া আঙুলি দেখুৱাই একাংশ অসাধু লোকে চলাইছে ড্ৰাগছৰ বেহা । এইবাৰ কৰিমগঞ্জ(Karimganj)ৰ পাথাৰকান্দিত আৰক্ষীৰ অভিযানত জব্দ হ'ল বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য । পাথাৰকান্দি(Patharkandi) বাইপাছৰ সমীপৰ পৰা প্ৰায় ১১৯ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ(Brown Sugar) জব্দ কৰে পাথাৰকান্দি আৰক্ষীয়ে । গোপন সূত্ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল । আৰক্ষীয়ে ব্ৰাউন চুগাৰ সৰবৰাহ কৰা অৱস্থাতে মামবাৰীত হাতে-লোটে আটক কৰে এটা সৰবৰাহকাৰীক । ধৃত যুৱকজন পাথাৰকান্দিৰ মামবাৰী এলেকাৰ চুফীয়ান উদ্দিন । চুফীয়ানে দীৰ্ঘদিনৰ ধৰি ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । চুফীয়ানে ব্ৰাউন চুগাৰখিনি পাথাৰকান্দিৰ পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈ সৰবৰাহ কৰাৰ চেষ্টা কৰোঁতেই আক্ষীৰ জালত পৰে । চুফীয়ানে ব্যৱহাৰ কৰা বাইকখনো আৰক্ষীয়ে জব্দ কৰে । আনহাতে, জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.