জামুগুৰিহাটত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী - জামুগুৰিহাটৰ বাতৰি
🎬 Watch Now: Feature Video

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰী(Drugs paddler) ৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police) ৰ অভিযান ৷ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler) ক আটক কৰিছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ প্ৰায় ৫ লাখ মূল্যৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ৷ তেজপুৰৰ পৰা লক্ষীমপুৰ অভিমুখী AR-01-F-1349 নম্বৰৰ এখন বাহনত উদ্ধাৰ হৈছে ড্ৰাগছখিনি ৷ এই অভিযানত আৰক্ষীয়ে বাহনখনত অহা দুজন লোকক আটক কৰে ৷ আটকাধীন লোক দুজন হৰিব্ৰত দেউৰী আৰু মণিৰাম দাস বুলি জানিব পৰা গৈছে ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন লোক দুজনক সোধ-পোছ অব্যাহত ৰাখিছে ৷