অসম জাতীয় বিদ্যালয় সমীপৰ কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা ! - কণিকা এপাৰ্টমেণ্টত ড্ৰাগছ সৰবৰাহ কাৰীৰ টিঘিল ঘিলনি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13163247-thumbnail-3x2-p1.jpg)
মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় সমীপৰে কণিকা এপাৰ্টমেণ্টত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ অকল ইমানেই নহয় বিভিন্ন সময়ত নানা অসামাজিক কাৰ্যকলাপো সংঘটিত হৈছে এই এপাৰ্টমেন্টটোত ৷ এই অভিযোগ আমাৰ নহয় সাংবাদমাধ্যমৰ আগত এই অভিযোগ দাঙি ধৰিছে খোদ এপাৰ্টমেণ্টৰ আবাসীয়ে ৷ শুকুৰবাৰে মহানগৰীৰ নাৰেংগীস্থিত পূৱ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে এপাৰ্টমেণ্টটোৰ এগৰাকী আবাসী বুধেস্বী শইকীয়াই ৷ মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ অগোচৰে ফ্লেটত চলি থকা এনে কাৰ্য-কলাপৰ কথা বৰ্ণনা কৰে ৷ মহিলা গৰাকীয়ে অভিযোগ কৰা অনুসৰি আৰক্ষীয়ে এপাৰ্টমেণ্টৰ ওচৰে পাজৰে থকা দুই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে যদিও উক্ত এপাৰ্টমেণ্টত টিঘিল ঘিলাই থকা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে কণিকা এপাৰ্টমেণ্টত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় সন্দৰ্ভত পূৰ্বে স্থানীয় নুনমাটি থানাত কেইবাবাৰো অৱগত কৰা হৈছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই ৷