প্ৰেমিকক ধন দি আত্মহত্যা কৰিবলৈ বাধ্য হ’ল বিবাহিত মহিলা - আত্মহত্যাৰ টোকা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13153600-thumbnail-3x2-hfhf.jpg)
ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাজানত বুধবাৰে এগৰাকী মহিলাই আত্মহত্যা কৰাৰ আগমূহুৰ্তত কৰা ভিডিঅ’ৰ লগতে আত্মহত্যাৰ টোকাই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মহিলাগৰাকীয়ে কাকপথাৰ ডিৰাক বন গাঁৱৰ পচন্দ চেতিয়া, তেখেতৰ ভাতৃ সৰুফুল চেতিয়া আৰু পচন্দ চেতিয়াৰ পত্নীৰ বাবেই আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি আত্মহত্যা টোকা, ভিডিঅত উল্লেখ কৰি গৈছে ৷ নগধ দহ হাজাৰ টকা আৰু অন্যবহু টকা প্ৰেমিক পচন্দ চেতিয়াই লৈ ঘূৰাই নিদিয়াৰ লগতে টকা বিচাৰিলে প্ৰেমিক, পত্নী, ভাতৃয়ে অত্যাচাৰ কৰাৰ কথা আত্মহত্যা টোকা, ভিডিঅত উল্লেখ কৰিছে আত্মহত্যা কৰা মহিলা গৰাকীয়ে ৷ বহু টেবলেট, বাগানত দিয়া দৰৱ ইত্যাদি সেৱন কৰি এইদৰে প্ৰেমিকসহ পৰিয়ালৰ বিৰুদ্ধে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা মহিলাগৰাকীয়ে কৰা অভিযোগ কিমান সত্য সেইয়া আৰক্ষীৰ তদন্তত হে স্পষ্ট হ'ব ৷